Show/Hide Keyboard Layout

মোৰ বাবে

- সীমান্ত শেখৰ

মোৰ বাবে তুমি আঁজুৰি নিচিঙিবা

তোমাৰ পদূলিৰ ৰজনীগন্ধা

এতিয়াতো মই তোমাৰ নহয়

এতিয়া সময় যে মোৰ নহয়

পাহৰিব খুজিও পাহৰা নহয়

মোৰ বাবে তুমি আঁজুৰি নিচিঙিবা

তোমাৰ পদূলিৰ ৰজনীগন্ধা ...

 

নিথৰ নিথৰ হ’ব দুচকু

হীম শীতল দেহ চাবানে বাৰু

তোমাৰ পদূলিত সোণাৰু ফুলিলেও

নাপাবা মোক আৰু বিচাৰি ফুৰিলেও

গুছি যাম দূৰণিলে অকলে অকলে

থাকিব পাৰিবা জানো নিৰলে নিৰলে

মোৰ বাবে তুমি আঁজুৰি নিচিঙিবা

তোমাৰ পদূলিৰ ৰজনীগন্ধা ...

 

সময়ে শিকাব সময়ে বুজাব

সময়ক জানো পাৰি দুহাতে ৰাখিব

মই নহ’লেও তগৰ ফুলিব

আহিব জোনাকী ৰাতি আবিৰ সানিব

সপোনতে জানো মোক দেখিবা কেতিয়াবা

উচুপি উঠিবা চাগে এবাৰো নেভাবিবা

মোৰ বাবে তুমি আঁজুৰি নিচিঙিবা

তোমাৰ পদূলিৰ ৰজনীগন্ধা ...

Hits: 1630